ক্ৰমিক নংঃ-5-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
আৰু চাৰিটা(৪) আয়াতত কোঁৱা হৈছে ‘চুন্নাতুল আওয়ালীন’ তথা ‘(কোৰআন নাজিলৰ) পূর্ববর্তীসকলৰ ক্ষেত্রত প্রয়োগকৃত নীতি/ বিধি’। আয়াতবোৰ হৈছে, ৮:৩৮, ১৫:১৩, ১৮:৫৫, ৩৫:৪৩।
.
ইয়াৰ ভিতৰত ১৭:৭৭ আয়াতৰ প্রথমাংশত কোঁৱা হৈছে, ‘চুন্নাতু মান ক্বাদ আৰছালনা ক্বাবলাকা মিৰ ৰুছুলিনা’(سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا ) মানে ‘তোমাৰ আগত আমি আমাৰ যিবোৰ ৰছুলসকলক প্রেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্রত প্রয়োগকৃত নীতি/ বিধি’।
বাক্যত ব্যবহাৰৰ দিশৰ পৰাও এই আয়াতৰ অনুৰূপ ব্যাকৰণিক প্যাটার্নত বহুবচনত ‘ছুনান’ শব্দ ব্যবহৃত হৈছে ৪:২৬নং আয়াতত,
(٢٦:٤
يُرِيدُ اللَّهُ لِيُبَيِّنَ لَكُمْ وَيَهْدِيَكُمْ سُنَنَ الَّذِينَ مِنْ قَبْلِكُمْ وَيَتُوبَ عَلَيْكُمْ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
৪:২৬
আল্লাহে তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।)
‘ছুনানাল্লাযীনা মিন ক্বাবলিকুম’(سُنَنَ الَّذِينَ مِنْ قَبْلِكُمْ) মানে ‘তোমাৰ আগত যিসকল আছিল তেওঁলোকৰ ক্ষেত্রতো প্রয়োগকৃত নীতিসমূহ/ বিধিসমূহ’।
ইয়াৰোপৰি ৩:১৩৭নং আয়াতত ‘ছুনান’ তথা ‘নীতিসমূহ/ বিধিসমূহ’ শব্দটো ব্যবহৃত হৈছে, য'ত কোৱঁ হৈছে, ‘ক্বাদ খালাত মিন ক্বাবলিকুম ছুনান, ফাছীৰূ ফিল আৰদি ফানযুৰূ কায়ফা কানা আক্বিবাতুল মুকাজযিবীন?’ অর্থাৎ ‘নিশ্চয় তোমালোকৰ আগত বহু নীতি/ বিধি অতিবাহিত (প্রয়োগকৃত) হৈছিল, গতিকে তোমালোকে পৃথিবীত ভ্রমণ কৰি চোৱা, কেনেৰূপ হৈছিল সত্যক মিছা সাব্যস্তকাৰীসকলৰ পৰিণতি?’।
গতিকে আল কোৰআনত এবাৰো 🔰‘চুন্নাতু ৰছুলুল্লাহ’ বা ‘ৰছুলুল্লাহৰ ছুন্নাত’ শব্দটো ব্যবহৃত হোৱা নাই। আল কোৰআনৰ আলোকত এই কথা স্পষ্টযে, ৰছুলুল্লাহৰ নিজৰ পৰা প্রবর্তিত কোনো ছুন্নাত থাকিব নোৱাৰে। আল্লাহ প্রদত্ত চুন্নাতেই ৰছুলে বাস্তবায়ন কৰিছিল।
এই কথাবোৰ মুফটি, মৌলানা, মুল্লাক বুজাব নোৱাৰি কাৰণ চুন্নাতেৰছুলুল্লাহৰ নামতেই তেওঁলোক চলি আছে আৰু সামান্তৰাল ভাৱে এইবোৰ সমাজতো চলি আছে বিভিন্ন তথা কথিত হাদিস, ফিকা, মছলাৰ কিতাপ সমূহৰ সৈতে। কিন্তু যিসকল জ্ঞানিলোক আছে তেওঁলোকে একো নেভাৱে নেকি?
(🔰কথাটো গভীৰভাৱে ভাৱিব).
.
🔵(হাদিসৰ অনুসন্ধানত)
✒comp✒edit✒writer✒syedraf✒
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
Comments
Post a Comment