বিজ্ঞানৰ অভ্যুত্থানত ‘গ’ড-কণিকা’ বনাম ‘কল্কি-অৱতাৰ’ [Pt-1]
চৈয়দ জিয়াউল হুছেইন,গুৱাহাটী
১০।১২।২০১১
বিজ্ঞানক ধর্মৰ পৰা পৃথক কৰিব নোৱাৰি।এলবার্ট আইনষ্টাইনৰ দুষাৰ কথাই এইকথা প্রতিপন্ন কৰে।তেওঁ কৈছিলঃ-
……………………….
[Albert Einstein, Lecturing in Vienna, 1921]
‘A theory can be proved by experiment; but no path leads from experiment to the birth of a theory. ‘
“Science without religion is lame, religion without science is blind.” – Albert Einstein
পৃথিবীৰ বিভিন্ন ধর্মৰ মানুহে তেওঁলোকৰ ধর্মৰ মহাপ্রভুজনক বিভিন্ন নামেৰে বহু,ত্রিত্ব,দ্বৈত্ব,একত্ববাদৰ ভিত্তিত-ভগবান,ঈশ্বৰ,গড্,আল্লা নামেৰে অভিহিত কৰি আহিছে।আনহাতেদি বিজ্ঞানীসকলে প্রমাণিত পৰীক্ষাৰ দ্বাৰা মহাপ্রভুৰ নাম নোলোৱাকৈয়ে বিভিন্ন তত্ব,বাদ,নীতি যেনে-কোৱাণ্টামতত্ব,আপেক্ষিকবাদ অথবা পৰম নীতি(the final theory )ৰ কথা কৈ আহিছে;যাৰ দ্বাৰা এই বিশ্বপ্রকৃতি পৰিচালিত হৈছে। বিজ্ঞানে এই নীতি বোৰ আবিস্কাৰ(discover) আৰু ব্যাখ্যাহে কৰিছে, এই নীতি বোৰ সৃষ্টি কৰা নাই।তেন্তে এই নীতিবোৰ কোনে সৃষ্টি কৰিলে?
ইজিয়ান সাগৰৰ উপকূলৱর্তী অঞ্চললৈ যোৱা ইণ্ড’ইউৰোপীয় ভাষা-ভাষী লোকসকল আৰু ঋকবেদৰ ৰচিতাসকলে বিশ্বজনীন নিয়ম‘ঋত[rta]’ অনুসৰি বিশ্বৰ সৃষ্টি হৈছিল বুলি বিশ্বাস কৰিছিল। ঋকবেদত বর্ণিত আৰু বন্দিত[সূর্য,অগ্নি,ঊষা,বায়ু,বৰুণ আদি] দেৱতাসকলো ঋত।
উল্লেখিত বিশ্বসৃষ্টিৰ মূলতেই বহু দেৱ-দেৱী অথবা দ্বৈত্ব, ত্রিত্ব, বহুবাদৰ ভগৱানৰ সলনি এজনকেই সৃষ্টি আৰু নিয়ন্ত্রণা হিচাপে গ্রহন যোগ্য হ’ব পাৰে।একেশ্বৰবাদ সকলো ধর্মৰ মূল উৎস। প্রাচীন হিন্দু শাস্ত্র অথর্ববেদত কোৱা হৈছেঃ-‘স সর্বস্মৈ বিপস্যতি য়চ্ছ প্রাণতি য়চ্ছন।
তমিদং নিগতং এষ এক এক এক বদেক এব।
সর্বে অস্মিবন দেৱা একবৃতোভৱন্তি।[অথর্ববেদ-১৩.৪.২১]
অর্থাৎ-[তেৱেই ঈশ্বৰ] যি সকলো প্রাণ আৰু অপ্রাণত বিদ্যমান,একক সত্বা,একেজন দেৱতা সকলোৰে একমাত্র আশ্রয়।
অসমৰ একশৰণ নামধর্মৰ প্রৱর্তক শ্রীন্ত শংকৰদেৱেও চাৰিবেদ মন্থন কৰি যি সাৰ সংগ্রহ কৰিছিল সেয়া হ’লঃ- ‘এক দেৱ এক সেৱ এক বিনে নাহি কেৱ’।
বাইবেলৰ ওল্ডটেষ্টামেণ্টত কোৱা হৈছেঃ-
‘Hear ,O Israel, the lord, our GOD,is One Lord,’-[Leut 4.6],
অর্থাৎ-শুনা, হে’ ইজৰাইলৰ বংশধৰসকল,আমাৰ প্রভু ঈশ্বৰ মাথোন এজন প্রভু।
একেশ্বৰবাদৰ সমর্থনত আধুনিক দর্শনঃ-কিছুমানে বহু ঈশ্বৰৰ পৃথক আৰু সুকীয়া অস্তিত্বত বিশ্বাস কৰ, যিবিলাকৰ মাজত কম বেছি পৰিমাণে বিৰোধৰ সৃষ্টি কৰে। এই ধাৰণাৰ উৎস হ’ল প্রাচীন বেবিলন ,ইজিপ্ত আৰু ভাৰত। এই বহু সংখ্যক ঈশ্বৰৰ প্রত্যেকেই পূজা পোৱাৰ অধিকাৰী।এই মতবাদ বহুবাদ হিচাপে জনাজাত।
কিন্তু বহুবাদৰ ধাৰণাই মানুহৰ মন সন্তুষ্ট কৰিব পৰা নাই, কাৰণ ই ঈশ্বৰসকলক সীমিত কৰে।যদি বহু ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা হয়,তেন্তে তেওঁলোকৰ কোনোৱেই সর্বশক্তিমান হ’ব নোৱাৰে।ফলত মানুহে বহুবাদৰ ধাৰণা ত্যাগ কৰি দ্বৈতবাদৰ ধাৰণা পোষণ কৰিবলৈ লয়।
কিছুমানে ভাল আৰু বেয়া শক্তি সম্পন্ন দুই পৰষ্পৰ বিৰোধী ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে।বিশ্ব পৰিচালনাৰ ক্ষেত্রত এই দুই ঈশ্বৰে দ্বান্দ্বিক ভূমিকা পালন কৰি আছে,ইয়াকে দ্বৈতবাদ বুলি কোৱা হয়।একেজন ঈশ্বৰক ভাল আৰু বেয়া কামৰ বাবে দায়ী কৰিব নোৱাৰি।সেয়ে দুজন পৰষ্পৰ বিৰোধী ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপনৰ প্রয়োজনীয়তা আহি পৰে।জৰোৱাষ্টাৰ(জুৰথুষ্ট)ধর্মত দুই ঈশ্বৰ-অহুৰমজদা(সৌভাগ্যৰ ঈশ্বৰ)আৰু অহিৰামৰ(দুর্ভাগ্যৰ ঈশ্বৰ) অস্তিত্বত বিশ্বাসকৰা হয়।কিন্তু এই ধাৰণায়ো মানুহৰ মন সন্তুষ্ট কৰাত ব্যর্থ হয়। কিয়নো বিশ্ব পৰিচালনাৰ ক্ষেত্রত যদি দুজন ঈশ্বৰৰ মাজত অবিৰত দ্বন্দ্ব চলি থাক, তেন্তে বিশ্ব ব্যৱস্থাৰ ঐক্য আৰু শৃংখলা ৰক্ষা কৰা সম্ভৱ নহ’লহেঁতেন।
ফলত মানুহৰ মন ধাবিত হৈছে একেশ্বৰবাদৰ ধাৰণাৰ পিনে।একেশ্বৰবাদত মাত্র এজন ঈশ্বৰত বিশ্বাস কৰা হয়। তেওঁ সার্বভৌম শক্তিৰ অধিকাৰী অসীম সত্বা,তেৱেঁই স্রষ্টা, সংৰক্ষক আৰু বিশ্বৰ পৰিচালক।এইটো একেশ্বৰবাদ হিচাপে পৰিচিত।
বিজ্ঞানৰ অভ্যুত্থানঃ-
দর্শনৰ ফালৰ পৰা ধর্ম আৰু বিজ্ঞানৰ মাজত এক মৌলিক সংঘাট আছে।কোনো এটা ধর্ম একোজন মহাপুৰুষৰ সাধনালবদ্ধ জ্ঞানৰ ভিত্তিত প্রতিষ্ঠিত।এই ধর্মৰ অনুগামী মহাপুৰুষ জনক ভগবানৰ অৱতাৰ স্বৰূপবুলি জ্ঞান কৰে(ইছলাম নহয়)।তেওঁলোকৰ বিশ্বাস যে এই ধর্ম প্রৱর্তক জনৰ নির্দ্দেশাৱলীত কোনো ধৰণৰ আসোঁৱাহ থাকিব নোৱাৰে;আৰু সেই বাবে এইবোৰৰ আংশিক সংশোধনো গ্রহন যোগ্য নহয়। কিন্তু বৈজ্ঞানিক দর্শন এজন মানুহৰ সাধনাৰ ভিত্তিত গঢ়ি উঠা নাই।হাজাৰ হাজাৰ বছৰৰ মানুহৰ সাধনালবদ্ধ জ্ঞানৰ ভিত্তিত গঢ়ি উঠিছে আজিৰ বিজ্ঞান।বিজ্ঞানৰ ইতিহাসে বাৰে বাৰে প্রতিপন্ন কৰি আহিছে যে নতুন চিন্তাৰ উন্মেষত পুৰণি চিন্তাৰ অংকিত পতভূমিৰ ভূমিকা আওকাণ কৰিব নোৱাৰি। পুৰণি অসম্পূর্ণ ধাৰণা বোৰৰ আতঁধৰি শুদ্ধ আৰু পুষ্ট ধাৰণাৰ গৰাকীজন বুৰঞ্জীত সদায়ে আনতকৈ উচ্চ স্থান পাই আহিছে।
আকাশ খনৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহলৰ কাহানিও অভাৱ হোৱা নাই।এসময়ত দার্শনিকসকলে কল্পনা কৰিছিল যে পৃথিবীখন বিশ্বব্রহ্মাণ্ডৰ সোঁমাজত অৱস্থিত।প্লেট,এৰিষ্ট’টল আদি দার্শনিকসকলে পৃথিবীকেন্দ্রিক বিশ্বৰ কথা কৈছিলI
[Plato(c. 427 B.C. – c. 347 B.C.)Greek philosopher who was a student of Socrates. Plato founded the Academy in 387 BC. He has been called the world’s most influential philosopher. ]
[Aristotle(384 B.C. – c. 322 B.C.)Greek philosopher who presented his thoughts on weather in a book, Meteorologica, which while often wrong, did establish meteorolgy as a distinct discipline for study. ]
[Nicolaus Copernicus-(Portrait, 1580, Toruń Old Town City Hall),born-19 February 1473 ,Toruń (Thorn), Royal Prussia, Kingdom of Poland,died-24 May 1543 (aged 70),Frombork (Frauenburg), Prince-Bishopric of Warmia, Royal Prussia, Kingdom of Poland-,Field-Mathematics, astronomy, canon law, medicine, economics]
[ Galileo Galilei(15 Feb 1564 – 8 Jan 1642)-Italian natural philosopher who believed the Earth revolved around the Sun. For this, he was interrogated by the Inquisition, was put on trial, found guilty and sentenced to indefinite imprisonment. For renouncing his former beliefs before the Cardinals that judged him, he was allowed to serve this time instead under house-arrest. ]
ট’লেমি নামৰ বিজ্ঞানী এজনে পৃথিবীকেন্দ্রিক ধাৰণাৰে সৌৰজগতৰ জ্যামিতীয় আর্হি প্রস্তুত কৰিবলৈ চেষ্টা কৰিছিল।কিন্তু মহান গণিতজ্ঞ ইউক্লিডৰ সমসাময়িক এৰিষ্টাৰচুছে পৃথিবীৰ পৰিৱর্তে সূর্য্যহে সৌৰজগতৰ কেন্দ্রিত অৱস্থিত বুলি ধাৰণা দাঙি ধৰিছিল।এক দীঘলীয়া বিৰতিৰ পিছত নিক’লাছ কপাৰর্নিকাছে(১৪৭৩-১৫৪৩)সৌৰজগতৰ সূর্য্যকেন্দ্রিক আর্হিক পুনৰ উত্থাপন কৰে।এই আর্হিক গেলিলিওৱে পূর্ণ সমর্থন আগবঢ়াইছিল।ইয়াতেই গেলিলিও গোড়া ধর্মযাজকৰ ৰোষত পৰি এক নির্জন দ্বীপলৈ নির্বাসিত হৈছিল।
+ + + + +
উন্নত ষন্ত্রপাতিৰ সহায়ত আকাশ পর্য্যবেক্ষণেৰে বিজ্ঞানী টাইক’ব্রেহে[১৫৪৬-১৬০১]সৌৰজগতৰ গঠন সম্পার্কে নিজা আর্হি সাঁজিব খুজিও সফল ন’হল।কিন্তু তেওঁ সৌৰজগতৰ বিষয়ে মেটমৰা তথ্যৰ ভঁৰাল উত্তৰাধিকাৰলৈ এৰিথৈ গৈছিল।জ’হানছ কেপলাৰে[১৫৭১-১৬৩০]ব্রেহেৰ এজন ছাত্র আৰু সুযোগ্য উত্তৰাধিকাৰী হিচাপে নিজকে প্রতিষ্ঠা কৰিছিল। কেপলাৰে উপলব্ধি কৰিছিল যে সৌৰজগতৰ গ্রহবোৰৰ গতিপথৰ আকৃতি ,গতিবেগ,পৰিভ্রমণকাল, সূর্য্যৰ অৱস্থান আদি বিভিন্ন দিশ সামৰি তিনিটা বিধি নিৰূপণ কৰিছিল। কেপলাৰৰ মতে গ্রহবোৰ বৃত্তাকাৰ পথত সূর্য্যৰ চাৰিওফালে নুঘূৰে। গ্রহবোৰৰ পথ উপবৃত্তাকাৰ।গেলিলিওৱে কিন্তু এইকথা মানি লোৱা নাছিল।ব্রেহেই এৰিথৈ যোৱা তথ্যৰ ভঁৰালৰ পৰা মুকুতা বুটলি কেপলাৰে দেখুৱালে যে সৌৰজগতৰ প্রতিটো গ্রহৰ বেলিকা গড় দূৰত্বৰ বর্গ আৰু পৰিভ্রমণ কালৰ ঘনৰ অনুপাত একেই।
[Tycho Brahe(14 Dec 1546 – 24 Oct 1601),Danish astronomer who was on his way home on 11 Nov 1572, when his attention was attracted by a star in Cassiopeia which was shining at about the brightness of Jupiter and which had not been seen in this place before. Tycho was so impressed by this event that he devoted the rest of his professional life to astronomy. ]
[Johannes Kepler(27 Dec 1571 – 15 Nov 1630)-German astronomer. ]
কেপলাৰৰ বিধি তিনিটাৰ উল্লেখনীয় বৈশিষ্ট হ’লযে প্রতিটো বিধি একোটা গ্রহৰ সামগ্রিক পৰিভ্রমণৰ লগত জড়িত।তিনিটা মূল্যবান বিধি ৰচনা কৰিলেও কেপলাৰে বিধি কেইটাৰ অন্তর্নিহিত অর্থ উদ্ধাৰ কৰিব নোৱাৰিলে।বৈজ্ঞানীক অণ্বেষণত উত্তৰবিহীন হৈয়ে ৰ’ল। বৈজ্ঞানীক অণ্বেষণত উত্তৰবিহীন হৈৰোৱা প্রশ্নবোৰ নতুনচামৰ বাবে দিশ নির্ণায়কহৈ পৰে। তেওঁলোকে ভাবিবলৈ ল’লেযে কি বা কেনেকুৱা বলৰ প্রভাৱত গ্রহবোৰৰ পথবোৰ উপবৃত্তাকাৰ হয়। ৰ’বার্ট হুক, এডমাণ্ড হেলি আৰু ক্রিষ্ট’ফাৰ ৰেণ নামৰ তিনিজন বৃটিছ বিজ্ঞানীয়ে এই প্রশ্নটোৰ উত্তৰ বিচাৰিলে।১৬৮৪চনৰ কথা। হেলিয়ে কেপলাৰৰ ধাৰণাৰ বিষয়ে নিজকে পতিয়ন নিয়ালে যে একোটা গ্রহক পৰিচালিত কৰা বলটো সূর্য্য আৰু গ্রহৰ দূৰত্বৰ বর্গৰ বিপৰীত[ব্যস্ত] অনুপাতত সলনি হয়। হুক আৰু ৰেণেও হেলিৰ লগত সহমত প্রকাশ কৰিলে। ইয়াৰ সঠিক উত্তৰ বিচাৰি ১৬৮৪ চনৰ আগষ্টত হেলি উপস্থিত হয়গৈ কেম্ব্রিজত,নিউটনৰ ওচৰত।সেই সময়ত ৪২ বছৰ বয়সত ইতিমধ্যই তিনিটা অতি বিখ্যাত আবিস্কাৰৰ যশস্যাৰে নিউটনে কেম্ব্রিজ অলংকৃত কৰিছিল। হেলি আৰু নিউটন মুখামুখি হ’ল। এজনেও ভাবিব পৰা নাছিলযে সেয়া আছিল বিজ্ঞানৰ সর্বশ্রেষ্ঠ আবিস্কাৰটোৰ পাতনিৰ শুভমুহূর্তঃ-হেলিঃ- সূর্য্য আৰু গ্রহৰ মাজৰ বলটো দূৰত্বৰ বর্গৰ বিপৰীত[ব্যস্ত] অনুপাতত সলনি হ’লে গ্রহটোৰ পথটো কেনেকুৱা হ’ব?অকণো সময় নোলোৱাকৈ উত্তৰ আহিল-
[Edmond Halley(8 Nov 1656 – 14 Jan 1742),English astronomer, geophysicist and mathematician. ]
নিউটনঃ- উপবৃত্তাকাৰ।হেলিঃ-আপুনি কেনেকৈ জানিলে?নিউটনঃ-মই গণিতৰ সহায়ত গণনা কৰি উলিয়াইছো।
[Born 25 Dec 1642; died 20 Mar 1727.
English physicist and mathematician, who made seminal discoveries in several areas of science, and was the leading scientist of his era. His study of optics included using a prism to show white light could be split into a spectrum of colours. The statement of his three laws of motion are fundamental in the study of mechanics. He was the first to describe the moon as falling (in a circle around the earth) under the same influence of gravity as a falling apple, embodied in his law of universal gravitation. As a mathematician, he devised infinitesimal calculus to make the calculations needed in his studies, which he published in Philosophiae Naturalis Principia Mathematica (Mathematical Principles of Natural Philosophy, 1687).]
আনন্দ আৰু বিস্ময়ত অভিভূতহৈ পৰিল হেলি।আটাইতকৈ আচৰিত কথাটো হৈছে,ঘটনাক্রমে নিউটনে ১৬৮০ চনতেই উক্ত উপপাদ্যৰ প্রমাণ লিখি থৈছিল।এই উপপাদ্যৰ অপৰিসীম গুৰুত্বৰ বিষয়ে নিউটনে তেতিয়াহে উপলব্ধি কৰিলে যেতিয়া হেলিয়ে প্রশ্ন কৰিলে। নিউটন আৰু গেলিলিওৰ জন্ম-মৃত্যু ১৬৪২ চনত।একেটা বছৰতে দুই মনীষিৰ জন্ম-মৃত্যুৰ ঘটনাটোক বুৰঞ্জীবিদ সকলে চিন্তাৰ নতুন ধাৰাটোক সজীৱ কৰি ৰাখিবলৈকে গেলিলিওৰ মৃত্যুৰ পিছত নিউটনৰ আবির্ভাৱ হৈছিল বুলি ভাৱে। গেলিলিওক আধুনিক বিজ্ঞানৰ পিতৃ বুলি আখ্যা দিয়া হয়।
জ্যোর্তিবিজ্ঞানৰ কভ্যুত্থানঃ-
কপাৰর্নিকাছৰ সৌৰকেন্দ্রিক জগতৰ ধাৰণাই টাইকব্রাহে কেপলাৰৰ সংগৃহিত তথ্যৰ দ্বাৰা পৰিপুষ্ট গেলিলিওৰ তত্ব আৰু নিউটনৰ মহার্ষণিক তত্বই সৌৰজগতৰ সর্ম্পকে সঠিক আর্হি দিলে।নিউটনৰ তত্বৰ আধাৰত ১৮আৰু১৯শতিকাত সৌৰজগতৰ লগত জড়িত গ্রহ,ধূমকেতু আদিৰ বিষয়ে পুংখনুপুংখে অধ্যয়নৰ পিছত ২০শতিকাত বিশ্বব্রহ্মাণ্ড সম্পর্কীয় অধ্যয়নৰ সূচনা হ’ল।উন্নত প্রযুক্তিৰ উপযুক্ত প্রয়োগেৰে ১৯২৯ চনত মার্কিন জ্যোতির্বিদ এডৱিন হাব্বলে জ্যোতিবিজ্ঞান সম্পর্কীয় অতি চাঞ্চল্যকৰ তথ্যটো আৱিষ্কাৰ কৰিলে।
[Edwin Powell Hubble (November 20, 1889 – September 28, 1953)[1] was an American astronomer who profoundly changed the understanding of the universe by confirming the existence of galaxies other than the Milky Way]
হাব্বলৰ তথ্যৰাজি হ’লঃ- বিশ্বব্রহ্মাণ্ড অসংখ্য সৰু-বৰ তাৰকাৰাজ্যৰে(GALAXY)গঠিত।
[NGC 4414, a typical spiral galaxy in the constellationComa Berenices, is about 55,000 light-years in diameter and approximately 60 million light-years away from Earth.]
[Notes on:-Virgo or Local Superclusters, Local Galactic group, Milkyway Galaxy, Solar System, Earth etc.
Click url=http://syedjehu.wordpress.com/2011/12/21/255/]
আমাৰ হাতীপটিও(MILKY-WAY)কোটি কোটি তাৰকাৰাজ্যৰে এখন।[হাতীপটিত প্রায় দুশ বিলিয়ন(১ বিলিয়ন=১০০কোটি)তৰা আছে।আমাৰ সৌৰজগত খনে হাতীপটিৰ কেৱল এটি ক্ষুদ্র অংশহে জুৰি আছে।]
[Planets and dwarf planets of the Solar System. Sizes are to scale, but relative distances from the Sun are not]
[Solar System showing plane of the Earth’s orbit around the Sun in 3D view with only Mercury, Venus, Earth and Mars]
[Solar System showing the plane of the ecliptic of the Earth’s orbit around the Sun in 3D view showing Mercury, Venus, Earth, Mars and Jupiter making one full revolution. Saturn and Uranus also appear in their own respective orbits around the Sun]
এই তাৰকাৰাজ্যবোৰে ক্রমাত প্রচণ্ড বেগেৰে ইটোৱে সিটোৰ পৰা আতঁৰি গৈ আছে।ইহঁতি এনেভাৱে গতি কৰে যে দুখন তাৰকাৰাজ্যৰ মাজৰ দূৰত্ব বাঢ়ি যোৱাৰ লগেলগে ইহতঁৰ মাজৰ বেগো বাঢ়ি যায়।এইটোৱেই বিশ্বব্রহ্মাণ্ডৰ প্রসাৰণ তথ্য।
Notes on[2]:- Hubble’s Law , Observe Universe, Big Bang theory, Timeline of the Big Bang, Underlying assumptions on Big Bang, Speculative physics beyond Big Bang theory, James Hartle and Stephen Hawking state, String- Superstring theory= Click url=http://wp.me/p20yGy-4b
এই সংক্রান্তত প্রখ্যাত তাত্বিক জ্যোতির্বিজ্ঞানী ষ্টিফেন হকিঙৰ মতে-“বিশ্বব্রহ্মাণ্ডৰ যে প্রসাৰণ ঘটিছে এই আৱিষ্কাৰটো কুৰি শতিকাৰ অন্যতম বৌদ্বিক বিপ্লৱ”।ইয়েই বর্ত্তমান হকিঙৰ মূৰৰ কামূৰণিও হৈছে।তেখেতে ইয়াৰ ওপৰত তেওঁ বুজিব নোৱাৰা কেইটামান প্রশ্ন কৰি শেষত কৈছে-:-
“IT WOULD BE VERY DIFFICULT TO EXPLAIN WHY THE UNIVERSE SHOULD HAVE BEGAN IN JUST THIS WAY,EXCEPT AS THE ACT OF GOD WHO INTENDED TO CREAT BEINGS US”
হকিঙৰ পদার্থবিদ্যাত যি অভূতপূর্ব অৱদান তাতোকৈ অভূতপূর্ব আৰু চাঞ্চল্যকৰ তওঁৰ জীৱন কাহিনী।ক’লা,বোবা আৰু সম্পূর্ণ পংগু জীৱন এটা লৈও তেওঁ বিজ্ঞানৰ প্রতি সেৱা আগবঢ়াই আছে। বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাটো কি আছিল বা ইয়াৰ প্রসাৰণৰ আদি মূহূর্তটো কেনে অৱস্থাত আছিল আদি প্রশ্নৰ বাবে প্রবল বেগেৰে প্রসাৰিত তাৰকাৰাজ্যৰ ধাৰণাৰ পৰাই বেলজিয়ামৰ জ্যোতির্বিজ্ঞানী লেমাইটে উদ্ভাৱন কৰিলে মহানাদ(BIG BANG)তত্বৰ।এই তত্বৰ মতে আদিম অৱস্থাত বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তু আদিম পৰমাণু বুলি অভিহিত এটা বিন্দুত থূপখাই আছিল।প্রচণ্ড বিস্ফোৰণৰ ফলত এইবোৰ ছিটিকি পৰিল আৰু ক্রমাত বিভিন্ন ক্রয়া-প্রতিক্রিয়াৰ ফল স্বৰূপে সমূহ তাৰকাৰাজ্যৰ সৃষ্টি হ,ল আৰু কেউদিশে প্রসাৰিত হ’বলৈ ধৰিলে।আজিলৈকে এই প্রসাৰণ অব্যাহত আছে।
জ্যোতির্বিজ্ঞানীৰ আপদ:-
বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাটো কি আছিল বা ইয়াৰ প্রসাৰণৰ আদি মূহূর্তটো কেনে অৱস্থাত আছিল আদি প্রশ্নৰ বাবে প্রবল বেগেৰে প্রসাৰিত তাৰকাৰাজ্যৰ ধাৰণাৰ পৰাই বেলজিয়ামৰ জ্যোতির্বিজ্ঞানী লেমাইটে উদ্ভাৱন কৰিলে মহানাদ(BIG-BANG)তত্বৰ।এই তত্বৰ মতে আদিম অৱস্থাত বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তু আদিম পৰমাণু বুলি অভিহিত এটা বিন্দুত থূপখাই আছিল।প্রচণ্ড বিস্ফোৰণৰ ফলত এইবোৰ ছিটিকি পৰিল আৰু ক্রমাত বিভিন্ন ক্রয়া-প্রতিক্রিয়াৰ ফল স্বৰূপে সমূহ তাৰকাৰাজ্যৰ সৃষ্টি হ,ল আৰু কেউদিশে প্রসাৰিত হ’বলৈ ধৰিলে।আজিলৈকে এই প্রসাৰণ অব্যাহত আছে।
বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাৰ ওপৰত ভিত্তি কৰি কোনো মানকেই(Standard Account)নির্দ্দিষ্ট অৱস্থাত ৰাখিব নোৱাৰি।কাৰণ দৈনিক ন-ন পর্য্যবেক্ষণ আহিয়েই আছে,সি লাগিলে বিশ্বব্রহ্মাণ্ডৰ আদি অৱস্থাৰ সময়েই অথবা ইয়াৰ বয়সেই হওক,নতুবা তাপীয় বিকিৰণ বা হা’বল ধ্রুবকেই হওক।বিস্ফোৰণৰ পিছত প্রথম প্রসাৰণৰ লগে লগে তাৰকাৰাজ্যবোৰ প্রচণ্ডভাৱে পৰস্পৰে পৰস্পৰৰ পৰা আতঁৰি আহে । হাব্বলৰ পর্য্যবেক্ষণে এই সিদ্ধান্তৰ সত্যতা প্রতিপন্ন কৰিলে।
মহানাদ তত্বৰ(BIG-BANG)আদি অৱস্থাৰ সময় অর্থাত বিশ্বব্রহ্মাণ্ডৰ সঠিক বয়স যেতিয়ালৈকে পোৱা নাযায়,তেতিয়ালৈকে বিশ্বব্রহ্মাণ্ডৰ আদি-অন্তৰ সঠিক জোখ-মাখ-সময় আদিৰ বিষয়ে একোৱেই ঠাৱৰ কৰিব পৰা নাযায় । মহানাদ তত্বৰ সঠিক আদি অৱস্থা জনাটো ইমানেই গুৰুত্বপূর্ণ যে,ইয়াৰ অবিহনে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি-ৰহস্য জনাটোৱেই এক সাঁথৰহৈ থাকিব।
প্রথমে ভবা হৈছিল যে আমাৰ বিশ্বব্রহ্মাণ্ডখন ত্রি-মাত্রিক(three dimention)–১। হাব্বলৰ পর্য্যবেক্ষণত পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি যোৱা ২।তাপীয় বিকীৰণৰ উষ্ণতা ৫°k বুলি প্রমাণিত হোৱাত (১৯৪৮চনত জর্জ গেমৱ আৰু ১৯৬৫চনত পেনজিয়াছ আৰু উইলছনত প্রমাণিত হোৱাত ৩। হাইড্রজেনৰ তুলনাত হিলিয়াম পৰমাণুৰ আপেক্ষিক ভৰৰ পৰিমাণ ২০-২৮ শতাংশ বুলি তাত্বিক গণনাৰ(theoretical calculation)দ্বাৰা প্রমাণিত হোৱাত এই ত্রি-মাত্রিককে(three dimention) মহানাদ তত্বৰ(BIG-BANG)আধাৰ বুলি ধৰা হৈছিল।[এই ত্রি-মাত্রিকৰ আধাৰ (base)আছিল এনে ধৰণৰঃ-পদার্থবিজ্ঞানৰ তিনিটা ঘাই সিদ্ধান্ত-যেনেঃ-সময় সাপেক্ষে সলনি নোহোৱা,আইনষ্টাইনৰ আপেক্ষিকবাদৰ মহাকর্ষণৰ প্রভাৱ,আদিম অৱস্থাৰ কণাৰ গেছ সুষমভাৱে প্রসাৰিতহৈ একে হাৰতে প্রসাৰিত হোৱা ।]
এই গোটেই প্রক্রিয়াটোত বিশ্বব্রহ্মাণ্ডখনক এক সুষম আদি অৱস্থাৰ সৃষ্টিৰ মূহুর্তটো বুলি ধৰি লোৱা হৈছিল ।
কিন্তূ প্রখ্যাত তাত্বিক জ্যোতির্বিজ্ঞানী ষ্টিফেন হকিঙৰ নতুন পর্য্যবেক্ষণে উক্ত মহানাদ তত্বৰ(BIGBANG)মানবোৰ আসোঁৱাহপূর্ণ(defective)কৰি পেলালে। ষ্টিফেন হকিঙৰ মতে বিশ্বব্রহ্মাণ্ডখন চাৰি মাত্রিক(FOUR DIMENTIONAL)আৰু চতুর্থ দিশটো হৈছে-সময়ৰ। মহানাদৰ পিছমূহুর্তৰ পৰাই স্থান আৰু কালৰ সৃষ্টি হৈছে।
কার্য্য-কাৰণ(Theor of Causuality)–
বিজ্ঞানৰ যুক্তি অনুসৰি প্রত্যেকটো কার্য্যৰে একোটা কাৰণ আছে; অর্থাৎ বিজ্ঞান চর্চ্চাত কার্য্য-কাৰণৰ নীতিটো এৰাই চলিব নোৱাৰি। কিন্তু কাৰণ থাকিলেহে কার্য্য সংঘটিত হ’ব পাৰে বুলি ধৰি ললে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ কাৰণটো ব্যাখ্যা কৰিব নোৱাৰি।
[ CLICK here=http://syedjehu.wordpress.com/2011/12/20/basic-concepts-of-cause-and-effect/]
কাৰণ সৃষ্টিৰ মুহূর্তৰ পৰাই স্থান-কাল সকলো আৰম্ভ হৈছে। গতিকে তাৰ আগৰ বুলি কোনো কাৰণ থাকিব নোৱাৰে। অৱশ্যে আধুনিক কোৱাণ্টাম বলবিদ্যাই দেখুৱাইছে যে বিশ্ব প্রকৃতিৰ সকলো ক্ষেত্রতে কার্য্য-কাৰণৰ নীতিটো সমানভাৱে প্রযোজ্য নহ’বও পাৰে। কোৱাণ্টাম বলবিদ্যাৰ নীতিৰ দ্বাৰা পৰিচালিত মৌলিক কণিকাৰ অতি নগণ্য জগত খনত এই কথাটো বিশেষভৱে লক্ষণীয় হয়।বিশ্বব্রহ্মাণ্ডৰ দৰে বৃহদাকাৰ বস্তুৰ ক্ষেত্রত নহয়। কোৱাণ্টাম তত্বৰ দার্শনিক তাৎপর্য্য সহজবোধ্যতো নহয়েই ইয়াৰ দুই ধৰণৰ অর্থও নাই বুলি ক’ব নোৱাৰি। ইয়াৰ একাধিক ব্যাখ্যা দাঙি ধৰা হৈছে। বহুত ক্ষেত্রতে এই ব্যাখ্যাবোৰে সর্বাত্মক গ্রহন যোগ্যতা দাবি কৰিব পৰা নাই।বিখ্যাত বিজ্ঞানী নেইলছ্ ব’ৰে এবাৰ কৈছিলযে কোৱাণ্টাম-মেকানিক্সৰ ফলাফল দেখি যিজনে বিস্ময়ত হতভম্ভ হোৱা নাই তেওঁ আচলতে কোৱাণ্টাম-মেকানিক্স বুজাই নাই।
[”Anyone who is not shocked by the quantum theory has not understood it.”
”But, but, but … if anybody says he can think about quantum theory without getting giddy it merely shows that he hasn’t understood the first thing about it! ”-Niels_Bohr]
[ইয়াত ক্লিক কৰক quantum mechanical ]
বিখ্যাত পদার্থবিজ্ঞানী ষ্টেভেন ৱেইনবার্গে এবাৰ তেওঁৰ এজন বন্ধু -ফিলিপ কেণ্ডেলাছৰ পৰা তেওঁৰ এসময়ৰ এজন প্রিয় ছাত্রৰ কথা জানিবলৈ বিচাৰিছিল।
[Niles Bohr,7 Oct 1885-18 Nov 1962,Danish Physicist]
[(Steven Weinberg at the 2010 Texas Book Festival) Steven Weinberg , Born=.May 3, 1933 (age 78) New York City, New York, USA,.. Residence=United States, Fields=Theoretical Physics]
এই ছাত্রজন অতি প্রতিভাৱান আৰু প্রতিশ্রুতিসম্পন্ন গৱেষক আছিল। কিন্তু হঠাতে তেওঁৰ গৱেষণা আৰু অন্যান্য বৈজ্ঞানীক কাম-কাজৰ কোনো খবৰ-বাতৰি নোহোৱা হ’ল। ৱেইনবার্গে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত ফিলিপে ক’লেযে তেওঁ কোৱাণ্টাম-মেকানিক্স বুজিবলৈ যত্নকৰি দুর্দশাগ্রস্তহৈ পৰিছে। কিন্তু সেইবুলি কোৱাণ্টাম-মেকানিক্স বাস্তৱ জগতৰ লগত সম্পর্কহীন নহয়।
কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশঃ-
কোৱাণ্টাম-মেকানিক্সৰ সফল ব্যৱহাৰিক প্রয়োগৰ বহুত উদাহৰণ আছে। বর্তমান ব্যৱহৃত লেজাৰ ইলেকট্রণ মাইক্রস্ক’প ট্রেঞ্জিষ্টাৰ, বিভিন্ন ধৰণৰ অর্ধ-পৰিবাহী পদার্থৰে নির্মিত সা-সৰঞ্জাম, নিউক্লীয় শক্তিউতপাদক ৰিয়েক্টৰ আদি নির্মাণত কোৱাণ্টাম-মেকানিক্স ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি পৰমাণুৰ গঠন, ৰাসায়নিক বিক্রয়া, পোহৰকে আদি কৰি বিভিন্ন বিদ্যুত চুম্বকীয় তৰংগৰ উতপত্তি, পদার্থৰ বৈদ্যুতিক আৰু তাপীয় পৰিবাহিতা আৰু অন্যান্য যান্ত্রিক ধর্মৰ সফল ব্যাখ্যাৰ বাবে কোৱাণ্টাম-মেকানিক্সৰ প্রয়োগ অপৰিহার্য্য । যান্ত্রিকভাৱে কোৱাণ্টাম-মেকানিক্সৰ নীতিবোৰ প্রয়োগ কৰাত বিশেষ অসুবিধা নাই আৰু ব্যৱহাৰিক বিজ্ঞানত তাকেই কৰা হয়। কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশটোহে চিন্তাৰ কাৰণহৈ পৰে। কাৰণ সৃষ্টি তত্বৰ ব্যাখ্যাৰ সময়ত ইয়াৰ এই দার্শনিক তাতপর্য্যৰ প্রতিয়েই অধিক গুৰুত্ব দিবলগগীয়া হয়।
[Measurement in quantum mechanics:-The framework of quantum mechanics requires a careful definition of measurement. The issue of measurement lies at the heart of the problem of the interpretation of quantum mechanics, for which there is currently no consensus.
Measurement from a practical point of view:-
Measurement is viewed in different ways in the many interpretations of quantum mechanics; however, despite the considerable philosophica ldifferences, they almost universally agree on the practical question of what results from a routine quantum-physics laboratory measurement. To describe this, a simple framework to use is the Copenhagen interpretation, and it will be implicitly used in this section; the utility of this approach has been verified countless times, and all other interpretations are necessarily constructed so as to give the same quantitative predictions as this in almost every case.]
মৌলিক কণিকৰ জগতখনত প্রত্যেক কার্য্যৰে কাৰণ নেথাকিব পাৰে বা থাকিলেও সেইটো জনাটো সম্ভব নহ’বও পাৰে। আইষ্টাইনৰ বিশেষ আপেক্ষিকবাদৰ সূত্র মতে ভৰ আৰু শক্তি একেটা বস্তুৰে দুটা ভিন্ন ৰূপহে মাথোন। আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে। শূণ্যত থকা এই শক্তিৰ পৰাই হঠাতে একোটা কণিকা-প্রতিকণিকা যোৰাৰ [যেনে-এটা ইলেকট্রন আৰু এটা প্রটন] সৃষ্টি হ’ব পাৰে আৰু পিছ মুহূর্ততে এই যোৰটোৰ বিনাশ ঘটি পুনৰ শক্তিলৈ ৰূপান্তৰ হ’ব পাৰে। সৃষ্টিৰ আগমুহূর্তত ইয়াৰ অৱস্থা কি আছিল; কণিকাটো সৃষ্টিহৈ ক’ত অৱস্থান কৰিব; কণিকাটো কিয় সৃষ্টি হ’ল আদি প্রশ্নবোৰৰ উত্তৰ কোৱাণ্টাম তত্বত থাকিব নোৱাৰে।
PART-2
[Part-2]
চৈয়দ জিয়াউল হুছেইন,গুৱাহাটী, ১।১।২০১২
বিশ্বব্রহ্মাণ্ডৰ ধাৰণাঃ-
যিহেতু বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ মুহূর্তত ইয়াৰ আকাৰ মৌলিক কণিকা এটাৰ আকাৰৰ সমানেই আছিল।গতিকে কোনো কাৰণ নোহোৱাকৈয়ে শূণ্যৰ[space] পৰা কণিকাটো বিস্ফোৰিতহৈ বিশ্বব্রহ্মাণ্ড সৃষ্টিও হ’ব পাৰে। বিশ্বব্রহ্মাণ্ডত মুঠ যিমান ধনাত্মক শক্তি আছে, মহাকর্ষণ-ক্ষেত্র আৰু অন্যান্য বলৰ ক্ষেত্র সমূহত মুঠ সিমান পৰিমাণৰেই ঋণাত্মক শক্তি আছে।গতিকে বিশ্বব্রহ্মাণ্ডৰ মুঠ শক্তিৰ মান শূণ্য বুলি ক’ব পাৰি। গতিকে আপাত দৃষ্টিত কোৱাণ্টাম তত্বই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ আদিম কাৰণ হিচাপে মহাপ্রভুৰ প্রয়োজনীয়তা নোহোৱা কৰিছে যেন লাগে[????!!!]।উক্ত বিশ্বব্রহ্মাণ্ডৰ মুঠ শক্তিৰ মান শূণ্য মানে বর্তমানৰ space কে বুজোৱা হৈছে। আদিম মৌলিক কণিকাটোৰ সময়ত space বুলি কোনো ধাৰণাই নাছিল। বিশ্বব্রহ্মাণ্ডখন সৃষ্টি হোৱাৰ পিছতহে স্থান-কালৰ সৃষ্টিহৈ spaceৰ সৃষ্টি হৈছে[?]। শূণ্যৰ[space] পৰা কণিকা এটা বিস্ফোৰিতহৈ বিশ্বব্রহ্মাণ্ড সৃষ্টি হ’বলৈও ওচৰত এটা আধানযুক্ত ভৰ[পাৰমাণৱিক নিউক্লিয়াছ] থাকিব লাগিব।ভৰ শক্তিলৈ ৰূপান্তৰিত হোৱাৰ দৰে [E=mc²]শক্তিৰ পৰাও পদার্থ সৃষ্টি হ’ব পাৰে[fission, fusion, pair-production]।আগতেইকৈ অহা হৈছে যে- আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে।
কোৱাণ্টাম বল-বিজ্ঞানে বস্তু এটাৰ ধর্ম যেনে ভৰবেগ আৰু তাৰ অৱস্থান সঠিকভাৱে নিৰূপন কৰিব নোৱাৰে। কেৱল সম্ভাৱনীয়তাৰ বিষয়েহে ক’ব পাৰে।ইফালে আকৌ বিশ্বব্রহ্মাণ্ডৰ গঠন সম্পর্কীয় ধাৰণাত [three dimention] ধাৰণা সত্য নহয়। বিশ্বব্রহ্মাণ্ডখন চাৰি মাত্রিক[four dimention] আৰু চতুর্থটো হৈছে-সময়ৰ।সাধাৰণ আপপেক্ষিকবাদ আৰু কোৱাণ্টাম বল-বিজ্ঞান এটা আনটোৰ পৰিপুৰক বুলি ক’ব পাৰি।যিহেতু ‘অতি ৰজ্জু তত্বই[super string theory]ইহঁতৰ ব্যৱধান নোহোৱা কৰিছে।
[Notes on[2]:- Hubble’s Law , Observe Universe, Big Bang theory, Timeline of the Big Bang, Underlying assumptions on Big Bang, Speculative physics beyond Big Bang theory, James Hartle and Stephen Hawking state, String- Superstring theory= Click url=http://wp.me/p20yGy-4b]
‘ৰজ্জু তত্ব’ৰ মূল নীতি মতে সকলো পদার্থৰে মৌলিক উপাদান কণা নহয়;বৰঞ্চ একমাত্রা বিশিষ্ট কম্পমান অতি নগন্য ৰজ্জুহে।এই ৰজ্জু ইমানেই সৰুযে ইহঁতক প্লেংকৰ দীঘ [1.616199(97) × 10−35 m[7] ] জোখেৰেহে জুখিব পাৰি।১৯৯৫চনত তিনিজন ডেকা বিজ্ঞানীয়ে মৌলিক পদার্থকণাক ৰজ্জুৰ প্রাথামিক গাঁথনি আৰু ইয়াক অতিসৰু কৃষ্ণগহবৰৰ[BLACK-HOLE] একেটা বস্তুৰে দুটা বিভিন্ন ৰূপ বুলি কৈছিল।
জ্যোতিবিজ্ঞানীৰ মতে অভিনৱ তৰাবিলাক[SUPER NOVA] ফুটি উঠাৰ পিছত ইয়াৰ অন্তঃস্থলত [CORE] আচৰিত ধৰণৰ ঘটনাবিলাক ঘটে।যদি অন্তঃস্থলৰ ওজন সূর্য্যতকৈ ডেৰৰ পৰা তিনিগুণ গধুৰ হয়,তেন্তে অন্তঃস্থলত থকা পদার্থবিলাক গোটখাই নিউট্রন নক্ষত্রলৈ পৰিণত হয়।যদি অন্তঃস্থলৰ ভৰ সূর্য্যৰ ভৰতকৈ তিনিগুণতকৈ বেছি হয়,তেন্তে ইয়াৰ ঘনত্বৰ মান বাঢ়ি যাব।ফলত ইয়াৰ পৃষ্ঠৰ ওপৰত মাধ্যাকর্ষণৰ মান বৃদ্ধি পাব।এই মান ইমানেই বেছি হ’বযে নক্ষটোৰ পৰা পোহৰ ওলাই আহিব নোৱৰে। পোহৰ নেদেখাৰ কাৰণে এই অঞ্চলটো আন্ধাৰে ঢাক খাই থাকে।সেইকাৰণে ইয়াক পোহৰ কৃষ্ণগহবৰ[BLACK-HOLE] বোলে।
[Composite image of Kepler’s supernovafrom pictures by the Spitzer Space Telescope, Hubble Space Telescope, andChandra X-ray Observatory.]
[Multiwavelength X-ray, infrared, and optical compilation image of Kepler’s supernova remnant, SN 1604. ]
[A supernova is a massive explosion of a star that occurs under two principal scenarios. The first is that a white dwarf star undergoes a nuclear based explosion after it reaches itsChandrasekhar limit from absorbing mass from a neighboring star (usually a red giant). The second, and more common, cause is when a massive star, usually a red giant, reachesNickel-56 in its nuclear fusion (or burning) processes. This isotope undergoes radioactive decay into Iron-56, which has one of the highest binding energies of all of the isotopes, and is the last element that can be produced by nuclear fusion, exothermically. All nuclear fusion reactions from here on are endothermic and so the star loses energy. The star’s gravity then pulls its outer layers rapidly inward. The star collapses very quickly, and then explodes.]
দেখাগৈছে যে উল্লেখিত ‘ৰজ্জু তত্ব’ত কমেও ছটা বা তাতোধিক সূক্ষ্ম মাত্রা লুকাই আছে।এই ছটাকে ধৰি মুঠ মাত্রাৰ সংখ্যা হয়গৈ দহটা।আচলতে আমি দেখা বিশ্বব্রহ্মাণ্ডখনৰ মাত্রা[dimension] এনে হ’ব লাগে-এটা কাল[সময়] সন্মন্ধীয়া মাত্রা তিনিটা সাধাৰণ স্থান সন্মন্ধীয়া মাত্রা আৰু ছটা বা তাতোধধিক অতিৰিক্ত মুঠ দহটা মাত্রা Calabi-Yan Space ৰ ৰূপত আছে।
[A Calabi-Yau manifold is a special type of manifold that shows up in certain branches of mathematics such as algebraic geometry, as well as in theoretical physics. Particularly in superstring theory, the extra dimensions of spacetime are sometimes conjectured to take the form of a 6-dimensional Calabi-Yau manifold.
Calabi–Yau manifolds are complex manifolds that are higher-dimensional analogues of K3 surfaces. They are sometimes defined as compactKähler manifolds whose canonical bundle is trivial, though many other similar but inequivalent definitions are sometimes used. They were named “Calabi–Yau spaces” by Candelas et al. (1985) after E. Calabi (1954, 1957) who first studied them, and S. T. Yau (1978) who proved the Calabi conjecture that they have Ricci flat metrics. In superstring theory the extra dimensions of spacetime are sometimes conjectured to take the form of a 6-dimensional Calabi–Yau manifold, which led to the idea of mirror symmetry.]
[A section of a quintic Calabi–Yau three-fold (3D projection)]
‘ৰজ্জু তত্ব’ই বিচৰা মতে অতিৰিক্ত মাত্রাৰ আকাৰ হ’ব প্লেংকৰ দৈর্ঘৰ[1.616199(97) × 10−35 m[7] ] পর্ষ্যায়ৰ।পৰীক্ষাৰ দ্বাৰা সেইবোৰ প্রমাণ কৰা বর্তমান পর্ষ্যায়ত সম্ভব নহয়। আমি যদি পদার্থবিজ্ঞানৰ বিভিন্ন পৰিঘটনাৰ জোখৰ মাত্রা প্লেংকৰ দৈর্ঘতকৈয়ো কমাই নিওঁ, তেন্তে অতি সূক্ষ্ম জোখৰ স্কেলৰ সন্ধান পাম।উচ্চশক্তিৰ কণাৰ মুখামুখি সংঘর্ষ ঘটাই সূক্ষ্ম অতিৰিক্ত মাত্রাৰ সন্ধান পোৱা যাব বুলি বিজ্ঞানী সকলে মত প্রকাশ কৰিছে।
যোৱা ১০ ছেপ্তেম্বৰ ২০০৮ চনৰ গ্রীনিজ মান সময় ৭বাজি ৩০ মিনিটত[ভাৰতীয় সময় মতে দিনৰ প্রায় ১ বজাত] মৌলিক পদার্থবিজ্ঞানৰ ইতিহাসৰ যুগান্তৰকাৰী মহানাদৰ[big-bang] মহাপৰক্ষাটোৰ প্রাৰম্ভীক পৰীক্ষাটো সফলভাৱে সমাধা হ’ল।
[Radio 4 Programmes on
Big Bang Day
Andrew Marr hosted a special day of programming on Wednesday 10 September 2008. The switch-on took place just after 0830BST during theToday programme.
CLICK=http://www.bbc.co.uk/radio4/bigbang/programmes.shtml ]
[Latest News:- Large Hadron Collider finds new particle
log on=http://wp.me/p20yGy-4O ]
Comments
Post a Comment